ছূৰা 10 · জুজ 11
Yunus · 10:102
فَهَلْ يَنْتَظِرُونَ إِلَّا مِثْلَ أَيَّامِ الَّذِينَ خَلَوْا مِنْ قَبْلِهِمْ ۚ قُلْ فَانْتَظِرُوا إِنِّي مَعَكُمْ مِنَ الْمُنْتَظِرِينَ
তেন্তে সিহঁতে কেৱল সিহঁতৰ পূৰ্বে যি ঘটিছে সেই অনুৰূপ ঘটনাৰ প্ৰতীক্ষা কৰে নেকি? কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো’।
তাফছীৰ
তেন্তে এই অস্বীকাৰকাৰীসকলে তেনেকুৱা দুৰ্ঘটনাৰ অপেক্ষাত আছে নেকি, যেনেকুৱা দুৰ্ঘটনাত আল্লাহে পূৰ্বে অতিবাহিত অস্বীকাৰকাৰী সম্প্ৰদায়ক পতিত কৰিছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে আল্লাহৰ শাস্তিৰ অপেক্ষা কৰা, আৰু মই তোমালোকৰ লগত মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ অপেক্ষাত আছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক