ছূৰা 10 · জুজ 11
Yunus · 10:100
وَمَا كَانَ لِنَفْسٍ أَنْ تُؤْمِنَ إِلَّا بِإِذْنِ اللَّهِ ۚ وَيَجْعَلُ الرِّجْسَ عَلَى الَّذِينَ لَا يَعْقِلُونَ
আৰু আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহে সিহঁতকেই কলুষলিপ্ত কৰে।
তাফছীৰ
কোনো ব্যক্তিৰ পক্ষেই সম্ভৱ নহয় যে, সি আল্লাহৰ অনুমতি অবিহনে নিজে নিজেই ঈমান পোষণ কৰিব। যিহেতু আল্লাহৰ ইচ্ছা নোহোৱাকৈ ঈমান লাভ কৰা সম্ভৱ নহয়, সেয়ে আপুনি সিহঁতকলৈ পৰিতাপ নকৰিব। আল্লাহে সেইসকল লোকৰ ওপৰত শাস্তি আৰু অপমান জাপি দিয়ে, যিসকলে তেওঁৰ প্ৰমাণ আৰু যুক্তিসমূহ তথা তেওঁৰ আদেশ-নিষেধসমূহ বুজিবলৈ যত্ন নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক