ছূৰা 10 · জুজ 11
Yunus · 10:10
دَعْوَاهُمْ فِيهَا سُبْحَانَكَ اللَّهُمَّ وَتَحِيَّتُهُمْ فِيهَا سَلَامٌ ۚ وَآخِرُ دَعْوَاهُمْ أَنِ الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
তাত তেওঁলোকৰ ধ্বনি হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ অভিবাদন হ’ব, ‘ছালাম’ আৰু তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
তাফছীৰ
জান্নাতত তেওঁলোকৰ প্ৰাৰ্থনা হ'ব আল্লাহৰ তছবীহ আৰু তাক্বদীছ (অৰ্থাৎ আল্লাহৰ প্ৰশংসা আৰু পৱিত্ৰতা), তথা তেওঁলোকৰ বাবে আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু তেওঁলোকৰ পৰস্পৰে পৰস্পৰৰ বাবে অভিবাদন হ'ব ছালাম। তথা তেওঁলোকৰ প্ৰাৰ্থনাৰ সমাপ্তি হ'ব সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ প্ৰশংসাৰ জৰিয়তে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক