ছূৰা 10 · জুজ 11
Yunus · 10:9
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ يَهْدِيهِمْ رَبُّهُمْ بِإِيمَانِهِمْ ۖ تَجْرِي مِنْ تَحْتِهِمُ الْأَنْهَارُ فِي جَنَّاتِ النَّعِيمِ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব তেওঁলোকে ঈমান অনাৰ কাৰণে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতৰ ফালে তেওঁলোকৰ তলত প্ৰবাহিত হ'ব নদীসমূহ।
তাফছীৰ
নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু নেক আমল কৰিছে, আল্লাহে তেওঁলোকক হিদায়তৰ আৰু এনেকুৱা সৎকৰ্মৰ তাওফীক প্ৰদান কৰিব যিটো তেওঁৰ সন্তুষ্টিৰ পিনে লৈ যায়। ফলত আল্লাহে তেওঁলোকৰ ঈমান বিনিময়ত তেওঁলোকক ক্বিয়ামতৰ দিনা চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলদেশত নদীসমূহ প্ৰবাহিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক