ছূৰা 10 · জুজ 11

Yunus · 10:11

۞ وَلَوْ يُعَجِّلُ اللَّهُ لِلنَّاسِ الشَّرَّ اسْتِعْجَالَهُمْ بِالْخَيْرِ لَقُضِيَ إِلَيْهِمْ أَجَلُهُمْ ۖ فَنَذَرُ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا فِي طُغْيَانِهِمْ يَعْمَهُونَ

আৰু আল্লাহে যদি মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে অৱশ্যে সিহঁতৰ মৃত্যুৰ সময় আহি গ’লেহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।

তাফছীৰ

যদি মহান আল্লাহে মানুহৰ ক্ৰোধৰ সময়ত সিহঁতে নিজৰ বাবে কৰা বদ্দুআ বা নিজৰ সন্তানৰ বাবে অথবা সম্পত্তিৰ বিৰুদ্ধে কৰা বদ্দুআ লগে লগে কবুল কৰে, যিদৰে তেওঁ সিহঁতৰ কল্যাণৰ দুআসমূহ লগে লগে কবুল কৰে, তেন্তে সিহঁত ধ্বংস হলেহেঁতেন। কিন্তু আল্লাহে সিহঁতক অৱকাশ দিয়ে। এতেকে তেওঁ সিহঁতক এৰি দিয়ে যিসকলে তেওঁৰ সাক্ষাতৰ অপেক্ষাত নাই, কিয়নো সিহঁত শাস্তিকো ভয় নকৰে আৰু ছোৱাবৰো আশা নকৰে। যিসকলে হিচাপ দিৱস সম্পৰ্কে সংশয়ত আছে সিহঁতক তেওঁ দোদুল্যমান অৱস্থাত এৰি দিয়ে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক