عَمَّ يَتَسَاءَلُونَ1
সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?
عَنِ النَّبَإِ الْعَظِيمِ2
মহাসংবাদটোৰ বিষয়ে,
الَّذِي هُمْ فِيهِ مُخْتَلِفُونَ3
যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।
كَلَّا سَيَعْلَمُونَ4
কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
ثُمَّ كَلَّا سَيَعْلَمُونَ5
তাৰপিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
أَلَمْ نَجْعَلِ الْأَرْضَ مِهَادًا6
আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?
وَالْجِبَالَ أَوْتَادًا7
আৰু পৰ্বতসমূহক পেৰেক?
وَخَلَقْنَاكُمْ أَزْوَاجًا8
আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।
وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا9
আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।
وَجَعَلْنَا اللَّيْلَ لِبَاسًا10
আৰু ৰাতিক কৰি দিছো আৱৰণ।
وَجَعَلْنَا النَّهَارَ مَعَاشًا11
আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।
وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا12
আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছো সুদৃঢ় সাতখন আকাশ।
وَجَعَلْنَا سِرَاجًا وَهَّاجًا13
আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।
وَأَنْزَلْنَا مِنَ الْمُعْصِرَاتِ مَاءً ثَجَّاجًا14
আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।
لِنُخْرِجَ بِهِ حَبًّا وَنَبَاتًا15
যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।
وَجَنَّاتٍ أَلْفَافًا16
আৰু ঘন সন্নিবিষ্ট উদ্যান।
إِنَّ يَوْمَ الْفَصْلِ كَانَ مِيقَاتًا17
নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।
يَوْمَ يُنْفَخُ فِي الصُّورِ فَتَأْتُونَ أَفْوَاجًا18
সেই দিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।
وَفُتِحَتِ السَّمَاءُ فَكَانَتْ أَبْوَابًا19
আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।
وَسُيِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا20
আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।
إِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا21
নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।
لِلطَّاغِينَ مَآبًا22
সীমালঙ্ঘনকাৰী সকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল।
لَابِثِينَ فِيهَا أَحْقَابًا23
তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।
لَا يَذُوقُونَ فِيهَا بَرْدًا وَلَا شَرَابًا24
তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।
إِلَّا حَمِيمًا وَغَسَّاقًا25
উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।
جَزَاءً وِفَاقًا26
এইটোৱেই উপযুক্ত প্ৰতিফল।
إِنَّهُمْ كَانُوا لَا يَرْجُونَ حِسَابًا27
নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।
وَكَذَّبُوا بِآيَاتِنَا كِذَّابًا28
আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।
وَكُلَّ شَيْءٍ أَحْصَيْنَاهُ كِتَابًا29
আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।
فَذُوقُوا فَلَنْ نَزِيدَكُمْ إِلَّا عَذَابًا30
এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।
إِنَّ لِلْمُتَّقِينَ مَفَازًا31
নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।
حَدَائِقَ وَأَعْنَابًا32
উদ্যানসমূহ আৰু আঙ্গুৰসমূহ।
وَكَوَاعِبَ أَتْرَابًا33
আৰু সমবয়সীয়া উদ`ভিন্ন নৱ-যুৱতী তৰুণী।
وَكَأْسًا دِهَاقًا34
আৰু পৰিপূৰ্ণ পানপাত্ৰ।
لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا كِذَّابًا35
তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।
جَزَاءً مِنْ رَبِّكَ عَطَاءً حِسَابًا36
আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰষ্কাৰ, যথোচিত দানস্বৰূপ।
رَبِّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا الرَّحْمَٰنِ ۖ لَا يَمْلِكُونَ مِنْهُ خِطَابًا37
যিজন আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।
يَوْمَ يَقُومُ الرُّوحُ وَالْمَلَائِكَةُ صَفًّا ۖ لَا يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَٰنُ وَقَالَ صَوَابًا38
সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।
ذَٰلِكَ الْيَوْمُ الْحَقُّ ۖ فَمَنْ شَاءَ اتَّخَذَ إِلَىٰ رَبِّهِ مَآبًا39
এই দিনটো সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।
إِنَّا أَنْذَرْنَاكُمْ عَذَابًا قَرِيبًا يَوْمَ يَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ يَدَاهُ وَيَقُولُ الْكَافِرُ يَا لَيْتَنِي كُنْتُ تُرَابًا40
নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।