ছূৰা 78 · জুজ 30
An-Naba · 78:40
إِنَّا أَنْذَرْنَاكُمْ عَذَابًا قَرِيبًا يَوْمَ يَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ يَدَاهُ وَيَقُولُ الْكَافِرُ يَا لَيْتَنِي كُنْتُ تُرَابًا
নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।
তাফছীৰ
(হে মানৱ) আমি তোমালোকক এনেকুৱা শাস্তিৰ পৰা সাৱধান কৰি দিছো যিটো অতি নিকটৱৰ্তী। যিদিনাখন মানুহে পৃথিৱীত কৰা কৰ্মবোৰ দেখা পাব আৰু কাফিৰে শাস্তিৰ পৰা মুক্তি পোৱাৰ কামনা কৰি কব – মই যদি জীৱ-জন্তুৰ দৰে মাটি হৈ গলোহেঁতেন! এই কথা সেই সময়ত কব যেতিয়া ক্বিয়ামতৰ দিনা জীৱ-জন্তুক কোৱা হবঃ তোমালোকে মাটি হৈ যোৱা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক