ছূৰা 78 · জুজ 30
An-Naba · 78:38
يَوْمَ يَقُومُ الرُّوحُ وَالْمَلَائِكَةُ صَفًّا ۖ لَا يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَٰنُ وَقَالَ صَوَابًا
সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।
তাফছীৰ
যিদিনাখন জিব্ৰাইল আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হব, সিদিনাখন আল্লাহ তাআলা যাক চুপাৰিশৰ কাৰণে অনুমতি দিব তাৰ বাহিৰে কোনেও চুপাৰিশৰ কাৰণে মুখ খুলিব নোৱাৰিব। আৰু তেওঁলোকে সঠিক কথাই কব যেনে, কলিমা তৌহিদ আদি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক