ছূৰা 9 · জুজ 10
At-Tawbah · 9:92
وَلَا عَلَى الَّذِينَ إِذَا مَا أَتَوْكَ لِتَحْمِلَهُمْ قُلْتَ لَا أَجِدُ مَا أَحْمِلُكُمْ عَلَيْهِ تَوَلَّوْا وَأَعْيُنُهُمْ تَفِيضُ مِنَ الدَّمْعِ حَزَنًا أَلَّا يَجِدُوا مَا يُنْفِقُونَ
আৰু সিহঁতৰো কোনো দোষ নাই যিসকলে তোমাৰ ওচৰত বাহনৰ বাবে আহিছিল তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; সিহঁতে কষ্ট সহ্য কৰিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গ’ল, কাৰণ সিহঁতে ব্যয় কৰিবলৈ একো পোৱা নাই।
তাফছীৰ
তথা হে ৰাছুল! এইদৰে সেইসকল লোকৰ ওপৰতো কোনো গুনাহ নহ'ব, যিসকলে আপোনাৰ ওচৰত বাহন বিচাৰি আগ্ৰহেৰে আহিছিল আৰু আপুনি তেওঁলোকক কৈছিলঃ মই তোমালোকৰ বাবে কোনো বাহনৰ ব্যৱস্থা কৰিবলৈ সক্ষম নহয়, এই শুনি তেওঁলোকে কষ্ট সহিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গল, কাৰণ তেওঁলোকৰ ওচৰত যুদ্ধত ব্যয় কৰিবলৈ একো নাই আৰু আপোনাৰ ওচৰতো নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক