ছূৰা 9 · জুজ 10

At-Tawbah · 9:91

لَيْسَ عَلَى الضُّعَفَاءِ وَلَا عَلَى الْمَرْضَىٰ وَلَا عَلَى الَّذِينَ لَا يَجِدُونَ مَا يُنْفِقُونَ حَرَجٌ إِذَا نَصَحُوا لِلَّهِ وَرَسُولِهِ ۚ مَا عَلَى الْمُحْسِنِينَ مِنْ سَبِيلٍ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ

কোনো দোষ নাই দুৰ্বলসকলৰ ওপৰত, অসুস্থসকলৰ ওপৰত আৰু যিসকল অৰ্থ সাহায্যত অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

তাফছীৰ

নাৰী, শিশু, অসুস্থ, বৃদ্ধ, অন্ধ আৰু দুখীয়া মানুহ যিসকলৰ ওচৰত যুদ্ধত ব্যয় কৰিবলৈ একো নাই, এইধৰণৰ লোকসকলে যুদ্ধত অংশগ্ৰহণ নকৰাটো কোনো গুনাহৰ বিষয় নহয়। কিয়নো তেওঁলোকৰ কাৰণসমূহ গ্ৰহণযোগ্য। তেওঁলোকে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে নিষ্ঠাৱান থাকে আৰু চৰীয়তৰ প্ৰতি আমল কৰি থাকে তেন্তে এনেকুৱা উপযুক্ত কাৰণ থকা সত্কৰ্মপৰায়ণ লোকসকলৰ ওপৰত শাস্তি অৱতীৰ্ণ হোৱাৰ কোনো অৱকাশ নাই। আল্লাহে সত্কৰ্মপৰায়ণ লোকসকলৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক