ছূৰা 9 · জুজ 10
At-Tawbah · 9:53
قُلْ أَنْفِقُوا طَوْعًا أَوْ كَرْهًا لَنْ يُتَقَبَّلَ مِنْكُمْ ۖ إِنَّكُمْ كُنْتُمْ قَوْمًا فَاسِقِينَ
কোৱা, ‘তোমালোকে ইচ্ছাকৃতভাৱে ব্যয় কৰা অথবা অনিচ্ছাকৃত ভাৱে, তোমালোকৰ পৰা সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব, নিশ্চয় তোমালোক হৈছা ফাছিক্ব সম্প্ৰদায়’।
তাফছীৰ
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে ইচ্ছা বা অনিচ্ছাত যিবোৰ সম্পদ ব্যয় কৰি আছা, সেইবোৰ ব্যয় কৰা কিন্তু তোমালোকৰ কুফুৰী আৰু আল্লাহৰ আবাধ্যতাৰ ফলত সেইবোৰ গ্ৰহণযোগ্য নহয়, স্বীকাৰ কৰা নহ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক