ছূৰা 9 · জুজ 10
At-Tawbah · 9:52
قُلْ هَلْ تَرَبَّصُونَ بِنَا إِلَّا إِحْدَى الْحُسْنَيَيْنِ ۖ وَنَحْنُ نَتَرَبَّصُ بِكُمْ أَنْ يُصِيبَكُمُ اللَّهُ بِعَذَابٍ مِنْ عِنْدِهِ أَوْ بِأَيْدِينَا ۖ فَتَرَبَّصُوا إِنَّا مَعَكُمْ مُتَرَبِّصُونَ
কোৱা, ‘তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা, আৰু আমি প্ৰতীক্ষা কৰি আছো যে, আল্লাহে তোমালোকক তেওঁৰ তৰফৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো’।
তাফছীৰ
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে আমাৰ বিজয় হোৱাৰ অথবা শ্বহীদ হোৱাৰ অপেক্ষাত আছা নেকি, পক্ষান্তৰে আমি অপেক্ষা কৰি আছো আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওপৰত শাস্তি অৱতীৰ্ণ হওঁক আৰু সেই শাস্তিয়ে তোমালোকক ধ্বংস কৰক নাইবা আমাৰ হতুৱাই তোমালোকক হত্যা কৰাই অথবা বন্দী বনাই শাস্তি প্ৰদান কৰক। এতেকে তোমালোকে আমাৰ পৰিণামলৈ অপেক্ষা কৰা, আমিও তোমালোকৰ পৰিণামলৈ অপেক্ষা কৰি আছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক