ছূৰা 9 · জুজ 10

At-Tawbah · 9:41

انْفِرُوا خِفَافًا وَثِقَالًا وَجَاهِدُوا بِأَمْوَالِكُمْ وَأَنْفُسِكُمْ فِي سَبِيلِ اللَّهِ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ

অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওঁক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!

তাফছীৰ

হে মুমিনসকল! আল্লাহৰ পথত জিহাদ কৰিবলৈ ওলাই পৰা। দুখত থকা অথবা সুখত, যুৱক হোৱা অথবা বৃদ্ধ। নিজৰ জান মালৰ সৈতে জিহাদ কৰা। কিয়নো ঘৰত বহি থাকি সম্পদ সংৰক্ষণ কৰাতকৈ নিজৰ জান মালৰ সৈতে জিহাদৰ বাবে ওলাই যোৱাটো হৈছে অধিক লাভদায়ক। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে ইয়াৰ প্ৰতি আগুৱাই যোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক