ছূৰা 9 · জুজ 10
At-Tawbah · 9:40
إِلَّا تَنْصُرُوهُ فَقَدْ نَصَرَهُ اللَّهُ إِذْ أَخْرَجَهُ الَّذِينَ كَفَرُوا ثَانِيَ اثْنَيْنِ إِذْ هُمَا فِي الْغَارِ إِذْ يَقُولُ لِصَاحِبِهِ لَا تَحْزَنْ إِنَّ اللَّهَ مَعَنَا ۖ فَأَنْزَلَ اللَّهُ سَكِينَتَهُ عَلَيْهِ وَأَيَّدَهُ بِجُنُودٍ لَمْ تَرَوْهَا وَجَعَلَ كَلِمَةَ الَّذِينَ كَفَرُوا السُّفْلَىٰ ۗ وَكَلِمَةُ اللَّهِ هِيَ الْعُلْيَا ۗ وَاللَّهُ عَزِيزٌ حَكِيمٌ
যদি তোমালোকে তেওঁক সহায় নকৰা, তেন্তে আল্লাহে কিন্তু তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেওঁ তেতিয়া নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁক শক্তিশালী কৰিলে এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিটো তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিলে; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ ৰাছুলক সহায় নকৰা, আৰু আল্লাহৰ আহ্বানত তেওঁৰ পথত যুদ্ধ কৰিবলৈ নোলোৱা, তেন্তে জানি থোৱা! আল্লাহে তোমালোকৰ অবিহনেই তেওঁক সেইসময়ত সহায় কৰিছে, যিসময়ত কাফিৰসকলে তেওঁক (মক্কাৰ পৰা) বহিষ্কাৰ কৰিছিল। দুজনেই আছিল, তেওঁ আৰু আবু বকৰ। তৃতীয় কোনো ব্যক্তি নাছিল। উভয়ে ছুৰ নামক গোহাত আত্মগোপন কৰিছিল, যেতিয়া কাফিৰসকলে তেওঁলোকক বিচাৰি আছিল। যেতিয়া আবু বকৰে আশংকা কৰিছিল যে কাফিৰসকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰক কৈছিলঃ উদাসীন নহ'বা। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন আমাৰ লগত আছে। তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত শান্তি বৰ্ষণ কৰিলে, লগতে তেওঁক এনেকুৱা সৈন্যৰ দ্বাৰা সহায় কৰিলে, যিসকলক তোমালোকে দেখা পোৱা নাছিলা। দৰাচলতে সেইসকল আছিল ফিৰিস্তা, যিসকলে তেওঁক সহায় কৰি আছিল। তেৱেঁই মুশ্বৰিকসকলৰ কথাক নিম্নগামী কৰি আল্লাহৰ বাণীক সুউচ্চ কৰিছে। আল্লাহ সত্ত্বাগত ভাৱে, লগতে তেওঁৰ শক্তি আৰু ৰাজত্বত মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত, ভাগ্য নিৰ্ধাৰণত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক