ছূৰা 9 · জুজ 10
At-Tawbah · 9:33
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ
তেৱেঁই সেই সত্তা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে।
তাফছীৰ
আল্লাহেই তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৰআন প্ৰদান কৰি প্ৰেৰণ কৰিছে, যিটো গোটেই মানৱ জাতিৰ বাবে হিদায়ত। তথা সত্য ধৰ্ম ইছলাম দান কৰিছে, যাতে যুক্তি প্ৰমাণ আৰু বিধানৰ দ্বাৰা আন আন ধৰ্মৰ ওপৰত প্ৰভুত্ব লাভ কৰিব পাৰে। যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক