ছূৰা 9 · জুজ 10

At-Tawbah · 9:32

يُرِيدُونَ أَنْ يُطْفِئُوا نُورَ اللَّهِ بِأَفْوَاهِهِمْ وَيَأْبَى اللَّهُ إِلَّا أَنْ يُتِمَّ نُورَهُ وَلَوْ كَرِهَ الْكَافِرُونَ

সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও সেয়া কাফিৰসকলে অপছন্দ নকৰক কিয়।

তাফছীৰ

এই কাফিৰসকলে আৰু সিহঁতৰ মতাদৰ্শী কাফিৰসকলে মিছা অপবাদৰ জৰিয়তে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰৰ জৰিয়তে ইছলামক নসাৎ কৰিব বিচাৰে, আৰু ইয়াক অসত্য ধৰ্ম বুলি প্ৰমাণ কৰিব বিচাৰে, লগতে সিহঁতে আল্লাহৰ একত্ববাদক আৰু তেওঁৰ ৰাছুল লৈ অহা চৰীয়তৰ স্পষ্ট প্ৰমাণবোৰক অসত্য বুলি প্ৰমাণ কৰিব বিচাৰে। আনহাতে আল্লাহে নিজৰ দ্বীনক পৰিপূৰ্ণ কৰিব বিচাৰে আৰু ইয়াক আন আন ধৰ্মৰ ওপৰত বিজয়ী কৰিব বিচাৰে, যদিও কাফিৰসকলে তেওঁৰ দ্বীন পৰিপূৰ্ণ আৰু বিজয়ী হোৱাক লগতে তেওঁৰ বাণী সৰ্বোচ্চ হোৱাক অপছন্দ নকৰক কিয়। নিশ্চয় আল্লাহে এইটো পূৰণ কৰিহে এৰিব, কাৰণ আল্লাহে যেতিয়া কোনো কামৰ ইচ্ছা পোষণ কৰে, আন আন লোকৰ ইচ্ছা তেতিয়া নিষ্ক্ৰিয় হৈ যায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক