ছূৰা 9 · জুজ 10

At-Tawbah · 9:29

قَاتِلُوا الَّذِينَ لَا يُؤْمِنُونَ بِاللَّهِ وَلَا بِالْيَوْمِ الْآخِرِ وَلَا يُحَرِّمُونَ مَا حَرَّمَ اللَّهُ وَرَسُولُهُ وَلَا يَدِينُونَ دِينَ الْحَقِّ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ حَتَّىٰ يُعْطُوا الْجِزْيَةَ عَنْ يَدٍ وَهُمْ صَاغِرُونَ

যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ মাজত যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ঈমান পোষণ নকৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে সেয়া হাৰাম বুলি গণ্য নকৰে; আৰু সত্য দ্বীনৰ অনুসৰণ নকৰে; সিহঁতে নত হৈ নিজ হাতে জিযইয়া নিদিয়া লৈকে সিহঁতৰ লগত যুদ্ধ কৰা।

তাফছীৰ

হে মুমিনসকল! তোমালোকে সেইসকল ইয়াহুদী খৃষ্টান কাফিৰৰ লগত যুদ্ধ কৰা যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে যাৰ কোনো অংশীদাৰ নাই। লগতে ক্বিয়ামতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ ওপৰত হাৰাম কৰা মৃত প্ৰাণী, গাহৰীৰ মাংস, মাদক দ্ৰৱ্য আৰু সুত আদিৰ পৰাও বিৰত নাথাকে। লগতে সিহঁতে আল্লাহৰ চৰীয়তৰ ওচৰত নত নহয়। তেতিয়ালৈকে যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে অপমানিত হৈ নিজ হাতে কৰ আদায় নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক