ছূৰা 9 · জুজ 10
At-Tawbah · 9:28
يَا أَيُّهَا الَّذِينَ آمَنُوا إِنَّمَا الْمُشْرِكُونَ نَجَسٌ فَلَا يَقْرَبُوا الْمَسْجِدَ الْحَرَامَ بَعْدَ عَامِهِمْ هَٰذَا ۚ وَإِنْ خِفْتُمْ عَيْلَةً فَسَوْفَ يُغْنِيكُمُ اللَّهُ مِنْ فَضْلِهِ إِنْ شَاءَ ۚ إِنَّ اللَّهَ عَلِيمٌ حَكِيمٌ
হে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়; আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
তাফছীৰ
হে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ অনুসাৰীসকল! জানি থোৱা! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ। কাৰণ সিহঁতৰ মাজত আছে কুফৰ, অন্যায়-অত্যাচাৰ আৰু বেয়া স্বভাৱ। এতেকে এইবাৰৰ পিছত অৰ্থাৎ ন হিজৰীৰ পিছত সিহঁতে যেন মক্কাৰ নিৰ্দিষ্ট এলেকাত প্ৰৱেশ নকৰে, যদিও সিহঁত হজ্জ তথা উমৰাৰ নিয়তেৰে নাহক কিয়। হে মুমিনসকল! সিহঁতৰ দ্বাৰা অহা খাদ্য বস্তু আৰু অন্যান্য সা-সামগ্ৰী বন্ধ হোৱাৰ যদি তোমালোকে আশংকা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহৰ অনুগ্ৰহই তোমালোকৰ বাবে যথেষ্ট। নিশ্চয় আল্লাহ তোমালোকৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত, তোমালোকৰ বাবে যোগান ধৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক