ছূৰা 76 · জুজ 29
Al-Insan · 76:2
إِنَّا خَلَقْنَا الْإِنْسَانَ مِنْ نُطْفَةٍ أَمْشَاجٍ نَبْتَلِيهِ فَجَعَلْنَاهُ سَمِيعًا بَصِيرًا
আমি মানুহক সৃষ্টি কৰিছো মিশ্ৰ শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি সম্পন্ন বনাইছো।
তাফছীৰ
আমি মানুহক পুৰুষ আৰু নাৰীৰ মিশ্ৰিত বীৰ্যৰ পৰা সৃষ্টি কৰিছো যাতে সিহঁতৰ প্ৰতি চৰীয়তৰ দায়িত্বসমূহ অৰ্পণ কৰি সিহঁতৰ পৰীক্ষা লব পাৰো। গতিকে আমি সিহঁতক শ্ৰৱণকাৰী, দ্ৰষ্টা বনাইছো যাতে আমাৰ ফালৰ পৰা অৰ্পণ কৰা দায়িত্বসমূহ পালন কৰিব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক