ছূৰা 76 · জুজ 29
Al-Insan · 76:19
۞ وَيَطُوفُ عَلَيْهِمْ وِلْدَانٌ مُخَلَّدُونَ إِذَا رَأَيْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَنْثُورًا
আৰু সিহঁতৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকলে; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
তাফছীৰ
আৰু জান্নাতত তেওঁলোকৰ চাৰিওফালে চিৰ কিশোৰসকল প্ৰদক্ষিণ কৰিব। সিহঁতৰ চেহেৰা সজীৱ থাকিব, সিহঁতৰ ৰং অতি সুন্দৰ হব আৰু সিহঁত সংখ্যাত বহুত হব, চাৰিওফালে বিক্ষিপ্ত হৈ থাকিব। যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক