ছূৰা 73 · জুজ 29
Al-Muzzammil · 73:20
۞ إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِنْ ثُلُثَيِ اللَّيْلِ وَنِصْفَهُ وَثُلُثَهُ وَطَائِفَةٌ مِنَ الَّذِينَ مَعَكَ ۚ وَاللَّهُ يُقَدِّرُ اللَّيْلَ وَالنَّهَارَ ۚ عَلِمَ أَنْ لَنْ تُحْصُوهُ فَتَابَ عَلَيْكُمْ ۖ فَاقْرَءُوا مَا تَيَسَّرَ مِنَ الْقُرْآنِ ۚ عَلِمَ أَنْ سَيَكُونُ مِنْكُمْ مَرْضَىٰ ۙ وَآخَرُونَ يَضْرِبُونَ فِي الْأَرْضِ يَبْتَغُونَ مِنْ فَضْلِ اللَّهِ ۙ وَآخَرُونَ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ ۖ فَاقْرَءُوا مَا تَيَسَّرَ مِنْهُ ۚ وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَقْرِضُوا اللَّهَ قَرْضًا حَسَنًا ۚ وَمَا تُقَدِّمُوا لِأَنْفُسِكُمْ مِنْ خَيْرٍ تَجِدُوهُ عِنْدَ اللَّهِ هُوَ خَيْرًا وَأَعْظَمَ أَجْرًا ۚ وَاسْتَغْفِرُوا اللَّهَ ۖ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত আৰু তোমাৰ লগত থকাসকলৰ এটা দলেও থিয় দিয়ে। আৰু আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিলে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত পাবা। ই উৎকৃষ্টতম আৰু পুৰষ্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে, আপুনি কেতিয়াবা ৰাতিৰ দুই তৃতীয়াংশতকৈ কিছু কম সময়ত ছালাতত থিয় হৈ থাকে, কেতিয়াবা অৰ্ধ ৰাতিত, আৰু কেতিয়াবা এক তৃতীয়াংশত। আৰু মুমিনসকলৰ এটা দলেও আপোনাৰ সৈতে ছালাতত থিয় হয়। আৰু আল্লাহ তাআলাই দিন ৰাতি নিৰ্ধাৰণ কৰে আৰু তাৰ সময় গণনা কৰি ৰাখে। তেওঁ জানে যে আপুনি ৰাতিৰ সঠিক সময়ৰ হিচাপ ৰাখিব নোৱাৰে। সেয়েহে উদ্দেশ্য পালন কৰিবলৈ বেছি সময় ছালাতত থিয় হৈ পাৰ কৰা কঠিন হয়। গতিকে আপোনাৰ প্ৰতি দয়া কৰিছে। এতিয়া ৰাতিত যিমান সময় লৈকে আপোনাৰ বাবে সহজ হয় ছালাত আদায় কৰি পাৰ কৰক। হে মুমিনসকল, তোমালোকৰ মাজত হয়তো কোনোবা বেমাৰী আছে, যাক বেমাৰে কষ্ট বা অশান্তি দি আছে, তথা আন কিছুমানে জীৱিকাৰ অনুসন্ধানত আছে, আৰু আন কিছুমানে আল্লাহৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে আৰু তেওঁৰ বাণী উচ্চ কৰাৰ বাবে কাফিৰ সকলৰ সৈতে যুদ্ধ কৰি আছে। এতেকে এই সকলৰ বাবে ৰাতিত ছালাত আদায় কৰা কঠিন হব। সেয়েহে ৰাতিত যিমানখিনি আদায় কৰিবলৈ সহজ হয় আদায় কৰি লোৱা। আৰু ফৰজ ছালাত সমূহ সম্পূৰ্ণভাৱে আদায় কৰা। আৰু নিজৰ ধন-সম্পদৰ যাকাত দিয়া আৰু নিজৰ ধনৰ পৰা কিছু অংশ আল্লাহৰ পথত ব্যয় কৰা। আৰু তুমি নিজৰ বাবে যি কল্যাণেই আগবঢ়াবা সেয়া তাতকৈ অধিক ডাঙৰ প্ৰতিফল হিচাপে পাবা। আৰু আল্লাহৰ পৰা ক্ষমা বিচাৰি থাকা। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমাকাৰী, সিহঁতৰ প্ৰতি দয়াৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক
আপোনাৰ ভাষাত তাফছীৰ
আৰবী তাফছীৰ