Al-Muzzammil

سورة المزمل

ছূৰা 73 · মক্কী · 20 আয়াত

73:1জুজ 29 · পৃ. 574

يَا أَيُّهَا الْمُزَّمِّلُ1

হে বস্ত্ৰাবৃত!
73:2জুজ 29 · পৃ. 574

قُمِ اللَّيْلَ إِلَّا قَلِيلًا2

ৰাতি ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে,
73:3জুজ 29 · পৃ. 574

نِصْفَهُ أَوِ انْقُصْ مِنْهُ قَلِيلًا3

আধা ৰাতি বা তাতোকৈ অলপ কম;
73:4জুজ 29 · পৃ. 574

أَوْ زِدْ عَلَيْهِ وَرَتِّلِ الْقُرْآنَ تَرْتِيلًا4

অথবা তাতোকৈ অলপ বেছি। আৰু স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।
73:5জুজ 29 · পৃ. 574

إِنَّا سَنُلْقِي عَلَيْكَ قَوْلًا ثَقِيلًا5

নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।
73:6জুজ 29 · পৃ. 574

إِنَّ نَاشِئَةَ اللَّيْلِ هِيَ أَشَدُّ وَطْئًا وَأَقْوَمُ قِيلًا6

নিশ্চয় ৰাতি-জাগৰণ আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।
73:7জুজ 29 · পৃ. 574

إِنَّ لَكَ فِي النَّهَارِ سَبْحًا طَوِيلًا7

নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।
73:8জুজ 29 · পৃ. 574

وَاذْكُرِ اسْمَ رَبِّكَ وَتَبَتَّلْ إِلَيْهِ تَبْتِيلًا8

আৰু তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিবেশ কৰা।
73:9জুজ 29 · পৃ. 574

رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ لَا إِلَٰهَ إِلَّا هُوَ فَاتَّخِذْهُ وَكِيلًا9

তেৱেঁই পূৱ আৰু পশ্চিমৰ ৰব, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে তেওঁকেই তুমি কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰা।
73:10জুজ 29 · পৃ. 574

وَاصْبِرْ عَلَىٰ مَا يَقُولُونَ وَاهْجُرْهُمْ هَجْرًا جَمِيلًا10

আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।
73:11জুজ 29 · পৃ. 574

وَذَرْنِي وَالْمُكَذِّبِينَ أُولِي النَّعْمَةِ وَمَهِّلْهُمْ قَلِيلًا11

আৰু বিলাস সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।
73:12জুজ 29 · পৃ. 574

إِنَّ لَدَيْنَا أَنْكَالًا وَجَحِيمًا12

নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,
73:13জুজ 29 · পৃ. 574

وَطَعَامًا ذَا غُصَّةٍ وَعَذَابًا أَلِيمًا13

আৰু আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।
73:14জুজ 29 · পৃ. 574

يَوْمَ تَرْجُفُ الْأَرْضُ وَالْجِبَالُ وَكَانَتِ الْجِبَالُ كَثِيبًا مَهِيلًا14

যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।
73:15জুজ 29 · পৃ. 574

إِنَّا أَرْسَلْنَا إِلَيْكُمْ رَسُولًا شَاهِدًا عَلَيْكُمْ كَمَا أَرْسَلْنَا إِلَىٰ فِرْعَوْنَ رَسُولًا15

নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো যেনেকৈ ফিৰআউনৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছিলো।
73:16জুজ 29 · পৃ. 574

فَعَصَىٰ فِرْعَوْنُ الرَّسُولَ فَأَخَذْنَاهُ أَخْذًا وَبِيلًا16

কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছে, সেয়ে আমি তাক শাস্তি বিহিছো।
73:17জুজ 29 · পৃ. 574

فَكَيْفَ تَتَّقُونَ إِنْ كَفَرْتُمْ يَوْمًا يَجْعَلُ الْوِلْدَانَ شِيبًا17

এতেকে তোমালোকে যদি কুফৰি কৰা তেন্তে তোমালোকে সেই দিনটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যি দিৱসে শিশুসকলক বৃদ্ধত পৰিণত কৰিব,
73:18জুজ 29 · পৃ. 574

السَّمَاءُ مُنْفَطِرٌ بِهِ ۚ كَانَ وَعْدُهُ مَفْعُولًا18

সেই দিনা আকাশখন বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব।
73:19জুজ 29 · পৃ. 574

إِنَّ هَٰذِهِ تَذْكِرَةٌ ۖ فَمَنْ شَاءَ اتَّخَذَ إِلَىٰ رَبِّهِ سَبِيلًا19

নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।
73:20জুজ 29 · পৃ. 575

۞ إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِنْ ثُلُثَيِ اللَّيْلِ وَنِصْفَهُ وَثُلُثَهُ وَطَائِفَةٌ مِنَ الَّذِينَ مَعَكَ ۚ وَاللَّهُ يُقَدِّرُ اللَّيْلَ وَالنَّهَارَ ۚ عَلِمَ أَنْ لَنْ تُحْصُوهُ فَتَابَ عَلَيْكُمْ ۖ فَاقْرَءُوا مَا تَيَسَّرَ مِنَ الْقُرْآنِ ۚ عَلِمَ أَنْ سَيَكُونُ مِنْكُمْ مَرْضَىٰ ۙ وَآخَرُونَ يَضْرِبُونَ فِي الْأَرْضِ يَبْتَغُونَ مِنْ فَضْلِ اللَّهِ ۙ وَآخَرُونَ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ ۖ فَاقْرَءُوا مَا تَيَسَّرَ مِنْهُ ۚ وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَقْرِضُوا اللَّهَ قَرْضًا حَسَنًا ۚ وَمَا تُقَدِّمُوا لِأَنْفُسِكُمْ مِنْ خَيْرٍ تَجِدُوهُ عِنْدَ اللَّهِ هُوَ خَيْرًا وَأَعْظَمَ أَجْرًا ۚ وَاسْتَغْفِرُوا اللَّهَ ۖ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ20

নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত আৰু তোমাৰ লগত থকাসকলৰ এটা দলেও থিয় দিয়ে। আৰু আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিলে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত পাবা। ই উৎকৃষ্টতম আৰু পুৰষ্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক