ছূৰা 67 · জুজ 29

Al-Mulk · 67:5

وَلَقَدْ زَيَّنَّا السَّمَاءَ الدُّنْيَا بِمَصَابِيحَ وَجَعَلْنَاهَا رُجُومًا لِلشَّيَاطِينِ ۖ وَأَعْتَدْنَا لَهُمْ عَذَابَ السَّعِيرِ

নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছো আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছো জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।

তাফছীৰ

আৰু আমি পৃথিৱীৰ নিকটতম আকাশক উজ্জল তৰাবোৰেৰে সুসজ্জিত কৰিছোঁ। আৰু সেই তৰাবোৰক চয়তানসকলকৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো। যিয়ে চুৰি কৰি গোপন কথা শ্ৰৱণ কৰিবলৈ প্ৰয়াস কৰে। এই তৰাবোৰে সিহঁতক পুৰি পেলায়। আৰু আমি সিহঁতৰ বাবে জলন্ত অগ্নি প্ৰস্তুত কৰি ৰাখিছো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক