ছূৰা 67 · জুজ 29
Al-Mulk · 67:19
أَوَلَمْ يَرَوْا إِلَى الطَّيْرِ فَوْقَهُمْ صَافَّاتٍ وَيَقْبِضْنَ ۚ مَا يُمْسِكُهُنَّ إِلَّا الرَّحْمَٰنُ ۚ إِنَّهُ بِكُلِّ شَيْءٍ بَصِيرٌ
সিহঁতে সিহঁতৰ ওপৰত (উৰি ফুৰা) চৰাইবোৰৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিবোৰে পাখী মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।
তাফছীৰ
এই অস্বীকাৰকাৰী বিলাকে নিজৰ ওপৰত চৰাইবোৰক উৰি থকা লক্ষ্য কৰা নাই নে, যিবোৰে কেতিয়াবা শুন্যত পাখী মেলি দিয়ে আৰু কেতিয়া সংকুচিত কৰে। আল্লাহ তাআলাই এইবোৰক পৰি নোযোৱাকৈ আকাশত স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক