ছূৰা 67 · জুজ 29

Al-Mulk · 67:18

وَلَقَدْ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ فَكَيْفَ كَانَ نَكِيرِ

আৰু নিশ্চয় সিহঁতৰ পুৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল। ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (ইয়াৰ শাস্তি)?

তাফছীৰ

এই মুশ্বৰিকসকলৰ আগৰ জাতিবোৰেও অস্বীকাৰ কৰিছিল। যেতিয়া সিবিলাকে নিজৰ কুফুৰী আৰু অস্বীকাৰৰ প্ৰতি প্ৰতিষ্ঠিত আছিল তেতিয়া সিবিলাকৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল। গতিকে মোৰ পক্ষৰ পৰা সিবিলাকৰ শাস্তি কেনেকুৱা আছিল? এই গ্ৰেপ্তাৰী আছিল অতি কঠোৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক