ছূৰা 67 · জুজ 29

Al-Mulk · 67:16

أَأَمِنْتُمْ مَنْ فِي السَّمَاءِ أَنْ يَخْسِفَ بِكُمُ الْأَرْضَ فَإِذَا هِيَ تَمُورُ

তোমালোকে তেওঁৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে তেওঁ তোমালোকক পৃথিৱীসহ (পুতি পেলাই) ধ্বংস কৰিব আৰু হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব?

তাফছীৰ

তোমালোকে সেই আল্লাহৰ পৰা নিৰ্ভয় হৈছা নেকি যিয়ে আকাশত বিৰাজমান, তেওঁ তোমালোকৰ তলৰ মাটি ফাট মেলাই দিব যিদৰে কাৰুনৰ তলৰ পৰা মাটি ফাট মেলাই দিছিল। যিহেতু প্ৰথমে সমভূমি আছিল আৰু থকা-মেলাৰ যোগ্য আছিল। তাৰ পিছত হঠাৎ তোমালোকৰ সৈতে থৰথৰকৈ কঁপিবলৈ ধৰিলে?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক