ছূৰা 67 · জুজ 29
Al-Mulk · 67:15
هُوَ الَّذِي جَعَلَ لَكُمُ الْأَرْضَ ذَلُولًا فَامْشُوا فِي مَنَاكِبِهَا وَكُلُوا مِنْ رِزْقِهِ ۖ وَإِلَيْهِ النُّشُورُ
তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থান।
তাফছীৰ
তেৱেঁই যিজনে পৃথিৱী সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে ইয়াক থকাৰ উপযোগী বনাইছে। সেয়েহে তোমালোকে তাৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰা আৰু তোমালোকৰ বাবে পৃথিৱীত ৰাখি থোৱা জীৱিকাবোৰৰ পৰা আহাৰ কৰা। আৰু কেৱল তেওঁৰ ফালেই হিচাপ- নিকাচৰ বাবে প্ৰত্যাগমন কৰিব লাগিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক