ছূৰা 65 · জুজ 28
At-Talaq · 65:4
وَاللَّائِي يَئِسْنَ مِنَ الْمَحِيضِ مِنْ نِسَائِكُمْ إِنِ ارْتَبْتُمْ فَعِدَّتُهُنَّ ثَلَاثَةُ أَشْهُرٍ وَاللَّائِي لَمْ يَحِضْنَ ۚ وَأُولَاتُ الْأَحْمَالِ أَجَلُهُنَّ أَنْ يَضَعْنَ حَمْلَهُنَّ ۚ وَمَنْ يَتَّقِ اللَّهَ يَجْعَلْ لَهُ مِنْ أَمْرِهِ يُسْرًا
তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিসকলে ঋতুমতি হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সংশয় কৰা তেনেহ’লে সিহঁতৰ ইদ্দতকাল হ’ব তিনি মাহ আৰু যিসকলে এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো (তিনি মাহ); আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল সন্তান প্ৰসৱ নোহোৱা লৈকে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে।
তাফছীৰ
এনেকুৱা তালাকপ্ৰাপ্তা স্ত্ৰী, যাৰ বাৰ্ধক্যজনিত কাৰণত ঋতুস্ৰাৱ বন্ধ হৈছে, যদি তোমালোকে এনেকুৱা নাৰীৰ ইদ্দত সম্পৰ্কে সন্দেহত পতিত হোৱা, তেন্তে জানি থোৱা! সিহঁতৰ ইদ্দত হৈছে তিনি মাহ। আনহাতে যিসকল ঋতুস্ৰাৱ হোৱা বয়সত উপনীত হোৱা নাই, তেনেকুৱা নাৰীৰো ইদ্দত কাল হৈছে তিনি মাহ। গৰ্ভৱতী নাৰীৰ তালাক অথবা গৰ্ভৱতী থকা অৱস্থাত স্বামী মৃত্যু হোৱা নাৰীৰ ইদ্দত কাল হৈছে প্ৰসৱ পৰ্যন্ত। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব আল্লাহে তাৰ সকলো কৰ্ম সহজ কৰি দিব। আৰু সকলো মুচকিল আচান কৰি দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক