ছূৰা 65 · জুজ 28
At-Talaq · 65:3
وَيَرْزُقْهُ مِنْ حَيْثُ لَا يَحْتَسِبُ ۚ وَمَنْ يَتَوَكَّلْ عَلَى اللَّهِ فَهُوَ حَسْبُهُ ۚ إِنَّ اللَّهَ بَالِغُ أَمْرِهِ ۚ قَدْ جَعَلَ اللَّهُ لِكُلِّ شَيْءٍ قَدْرًا
আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব; আৰু যি ব্যক্তি আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই; নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।
তাফছীৰ
আৰু তেওঁক এনেকুৱা ঠাইৰ পৰা জীৱিকা দান কৰিব, যিটো তেওঁ কেতিয়াও ভৱাও নাই আৰু কল্পনাও কৰা নাই। যিয়ে নিজৰ কৰ্মত আল্লাহৰ ওপৰত ভৰসা ৰাখিব, তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ আদেশ বলৱৎ কৰিবই, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে, তেওঁৰ পৰা কোনো বস্তু পৰিত্যাগ নহয়। অৱশ্যে আল্লাহে প্ৰত্যেক বস্তুৰ এটা পৰিমাপ নিৰ্ধাৰণ কৰিছে, সেই অনুপাতেই শেষ হয়। এতেকে সংকটময় সময়ৰো এটা পৰিমাপ নিৰ্ধাৰিত আছে, আৰু সুখৰো এটা নিৰ্ধাৰিত সময় আছে। এতেকে দুয়োটাৰ ভিতৰত যিকোনো এটাৰ ওপৰত কোনো মানুহেই সদায় থাকিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক