ছূৰা 61 · জুজ 28
As-Saff · 61:9
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ
তেৱেঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীনসহ সকলো দ্বীনৰ ওপৰত তেওঁক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।
তাফছীৰ
আল্লাহ তেৱেঁই যিয়ে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলাম ধৰ্মৰ সৈতে প্ৰেৰণ কৰিছে। যিটো সত্য আৰু কল্যাণৰ পথ প্ৰদৰ্শক তথা উপকাৰী জ্ঞান আৰু সত্কৰ্মৰ ধৰ্ম। যাতে মুশ্বৰিকসকলে নিবিচৰাৰ পিছতো এই ধৰ্মক সকলো ধৰ্মতকৈ উচ্চ কৰি দিয়ে। যিসকলে ইয়াক পৃথিৱীত প্ৰতিষ্ঠিত হোৱাটো পছন্দ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক