ছূৰা 6 · জুজ 7
Al-An'am · 6:94
وَلَقَدْ جِئْتُمُونَا فُرَادَىٰ كَمَا خَلَقْنَاكُمْ أَوَّلَ مَرَّةٍ وَتَرَكْتُمْ مَا خَوَّلْنَاكُمْ وَرَاءَ ظُهُورِكُمْ ۖ وَمَا نَرَىٰ مَعَكُمْ شُفَعَاءَكُمُ الَّذِينَ زَعَمْتُمْ أَنَّهُمْ فِيكُمْ شُرَكَاءُ ۚ لَقَدْ تَقَطَّعَ بَيْنَكُمْ وَضَلَّ عَنْكُمْ مَا كُنْتُمْ تَزْعُمُونَ
নিশ্চয় তোমালোকে আমাৰ ওচৰত নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলো, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলো সেয়া তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক তোমালোকৰ বাবে (আল্লাহৰ লগত) অংশী বুলি ভাৱিছিলা, সেই ছুপাৰিছকাৰী বিলাকো দেখুন তোমালোকৰ লগত নাই। তোমালোকৰ মাজৰ সম্পৰ্ক নিশ্চয় বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।
তাফছীৰ
পুনৰুত্থানৰ দিনা সিহঁতক কোৱা হ'ব, আজি তোমালোকে আমাৰ ওচৰত অকলেই আহিছা। এতিয়া তোমালোকৰ ওচৰত কোনো সম্পদো নাই আৰু কোনো ৰাজত্বও নাই। খালি ভৰি, বস্ত্ৰহীন, খতনাবিহীন উপস্থিত হৈছা যিদৰে আমি তোমালোকক প্ৰথম সৃষ্টি কৰিছিলো। আমি তোমালোকক যি যি প্ৰদান কৰিছিলো, সেইবোৰ তোমালোকে ইচ্ছা থকা সত্তেও পৃথিৱীতে এৰি থৈ আহিছা। যিবোৰ উপাস্যক তোমালোকে ছুপাৰিছকাৰী বুলি ভাৱিছিলা আৰু যিবোৰক তোমালোকে আল্লাহৰ সমকক্ষ তথা ইবাদতৰ যোগ্য বুলি ভাৱিছিলা, আজি সেইবোৰও তোমালোকৰ লগত নাই। আনকি সিহঁতৰ লগত তোমালোকৰ সম্পৰ্কচ্ছেদ হৈছে, সিহঁতৰ বিষয়ে তোমালোকৰ যি যি বিশ্বাস আছিল সেই সকলোবোৰ নিঃশেষ হৈছে। (যেনেঃ সিহঁতে ছোপাৰিছ কৰিব, বা সিহঁত আল্লাহৰ অংশীদাৰ আদি)
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক