ছূৰা 6 · জুজ 7
Al-An'am · 6:93
وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ قَالَ أُوحِيَ إِلَيَّ وَلَمْ يُوحَ إِلَيْهِ شَيْءٌ وَمَنْ قَالَ سَأُنْزِلُ مِثْلَ مَا أَنْزَلَ اللَّهُ ۗ وَلَوْ تَرَىٰ إِذِ الظَّالِمُونَ فِي غَمَرَاتِ الْمَوْتِ وَالْمَلَائِكَةُ بَاسِطُو أَيْدِيهِمْ أَخْرِجُوا أَنْفُسَكُمُ ۖ الْيَوْمَ تُجْزَوْنَ عَذَابَ الْهُونِ بِمَا كُنْتُمْ تَقُولُونَ عَلَى اللَّهِ غَيْرَ الْحَقِّ وَكُنْتُمْ عَنْ آيَاتِهِ تَسْتَكْبِرُونَ
আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰত অহী আহে’, অথচ তাৰ ওচৰত একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিম’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছা আৰু তেওঁৰ আয়াতসমূহ সম্পৰ্কে অহংকাৰ কৰিছিলা’।
তাফছীৰ
সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোনো নাই যিয়ে আল্লাহৰ প্ৰতি অপবাদ জাপি দি কয় যে, আল্লাহে মানুহৰ ওপৰত একোৱেই অৱতীৰ্ণ কৰা নাই। অথবা মিছাৰ আশ্ৰয় লৈ কয়ঃ আল্লাহে তাৰ প্ৰতি অহী কৰিছে, অথচ আল্লাহে তাৰ প্ৰতি কোনো অহী কৰা নাই। অথবা কয়ঃ যিদৰে আল্লাহে কোৰআন অৱতীৰ্ণ কৰিছে, সেইদৰে ময়ো অৱতীৰ্ণ কৰিব পাৰিম। (হে নবী!) যদি আপুনি সেই সময়ৰ দৃশ্য দেখিলেহেঁতেন, যেতিয়া এই যালিমসকল মৃত্যু যন্ত্ৰণাত ভোগিব আৰু ফিৰিস্তাসকলে সিহঁতক প্ৰহাৰ কৰি ক'বঃ তোমালোকৰ আত্মাসমূহ উলিয়াই আনা, আমি সেইবোৰ গ্ৰহণ কৰিম। আজি তোমালোকক এনেকুৱা শাস্তি বিহা হ'ব, যি শাস্তিয়ে তোমালোকক অপমানিত কৰিব, কাৰণ তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাইছিলা, মিছা নবী হোৱাৰ দাবী কৰিছিলা লগতে কৈছিলাঃ আমিও আল্লাহৰ দৰে অৱতীৰ্ণ কৰিবলৈ সক্ষম, আৰু অহংকাৰ কৰি আল্লাহৰ নিদৰ্শনসমূহ আৰু ঈমানক অস্বীকাৰ কৰিছিলা। (হে নবী!) আপুনি এই দৃশ্য দেখিলে, সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক