ছূৰা 6 · জুজ 7
Al-An'am · 6:82
الَّذِينَ آمَنُوا وَلَمْ يَلْبِسُوا إِيمَانَهُمْ بِظُلْمٍ أُولَٰئِكَ لَهُمُ الْأَمْنُ وَهُمْ مُهْتَدُونَ
যিসকলে ঈমান আনিছে আৰু সিহঁতৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল সিহঁতৰ বাবেই আৰু সিহঁতেই হিদায়তপ্ৰাপ্ত।
তাফছীৰ
শান্তি আৰু নিৰাপত্তা কেৱল সেই সকল লোকৰ বাবে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা তেওঁৰ বিধানৰ অনুসৰণ কৰিছে আৰু ঈমানৰ লগত শ্বিৰ্ক মিশ্ৰিত কৰা নাই। এওঁলোকেই সেই সকল লোক, যিসকলক তেওঁলোকৰ প্ৰতিপালকে পোন পথত পৰিচালিত হোৱাৰ তাওফীক দান কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক