ছূৰা 6 · জুজ 7

Al-An'am · 6:81

وَكَيْفَ أَخَافُ مَا أَشْرَكْتُمْ وَلَا تَخَافُونَ أَنَّكُمْ أَشْرَكْتُمْ بِاللَّهِ مَا لَمْ يُنَزِّلْ بِهِ عَلَيْكُمْ سُلْطَانًا ۚ فَأَيُّ الْفَرِيقَيْنِ أَحَقُّ بِالْأَمْنِ ۖ إِنْ كُنْتُمْ تَعْلَمُونَ

‘তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা মই তাক কিয় ভয় কৰিম? অথচ তোমালোকে ভয় নকৰা যে, তোমালোকে আল্লাহৰ লগত এনেকুৱা বস্তুক অংশী কৰি আছা যাৰ সপক্ষে তেওঁ তোমালোকৰ ওচৰত কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে যদি তোমালোকে জানা তেন্তে কোৱা দুই দলৰ মাজত কোনটো দল নিৰাপত্তা লাভৰ বেছি হকদাৰ’।

তাফছীৰ

এইটো কেনেকৈ সম্ভৱ যে মই আল্লাহৰ বাহিৰে তোমালোকৰ এই মূৰ্তিবোৰক ভয় কৰিম, অথচ তোমালোকে নিজেই কোনো প্ৰমাণ নোহোৱাকৈ আল্লাহৰ সৃষ্টিক আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ভয় নকৰা? কোনটো দল মুক্তিৰ অধিক নিকটৱৰ্তী মুশ্বৰিকসকলৰটো নে তাওহীদপন্থী সকলৰটো? যদি তোমালোকে জানা যে, কোনটো দল উত্তম সেইটোৰে অনুসৰণ কৰা। নিঃসন্দেহে মুমিনসকল তথা তাওহীদ পন্থী সকলৰ দলটোৱে অতি উত্তম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক