ছূৰা 6 · জুজ 7
Al-An'am · 6:44
فَلَمَّا نَسُوا مَا ذُكِّرُوا بِهِ فَتَحْنَا عَلَيْهِمْ أَبْوَابَ كُلِّ شَيْءٍ حَتَّىٰ إِذَا فَرِحُوا بِمَا أُوتُوا أَخَذْنَاهُمْ بَغْتَةً فَإِذَا هُمْ مُبْلِسُونَ
সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলো; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে তাত উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলো, ফলত তেতিয়াই সিহঁত নিৰাশ হ’ল।
তাফছীৰ
দৰিদ্ৰতা আৰু বেমাৰৰ পিছতো যেতিয়া সিহঁতে উপদেশ গ্ৰহণ নকৰিলে লগতে আল্লাহৰ আদেশ পালন নকৰিলে, তেতিয়া আমি সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ বাবে অধিক জীৱিকাৰ দুৱাৰ খুলি দিলো, সিহঁতক ঐশ্বৰ্যশীল কৰি দিলো লগতে সুস্বাস্থ্য প্ৰদান কৰিলো। কিন্তু যেতিয়া সিহঁতৰ মাজত অহংকাৰ আহি পৰিল আৰু গৌৰৱ কৰিবলৈ ধৰিলে, তেতিয়া হঠাৎ সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিল আৰু সিহঁত হতভম্ব হৈ নিৰাশ হৈ পৰিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক