ছূৰা 6 · জুজ 7
Al-An'am · 6:36
۞ إِنَّمَا يَسْتَجِيبُ الَّذِينَ يَسْمَعُونَ ۘ وَالْمَوْتَىٰ يَبْعَثُهُمُ اللَّهُ ثُمَّ إِلَيْهِ يُرْجَعُونَ
যিসকলে শুনা পায় কেৱল সিহঁতেই আহ্বানত সঁহাৰি দিয়ে। আৰু মৃতসকলক আল্লাহে পুনৰ জীৱিত কৰিব; তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
তাফছীৰ
আপোনাৰ কথাত কেৱল তেওঁলোকে সঁহাৰি জনাব যিসকলে কথা মনোযোগ সহকাৰে শুনে তথা বুজে। আনহাতে কাফিৰসকল অৱস্থা হৈছে মৃত ব্যক্তিৰ দৰে, সিহঁতৰ অন্তৰ মৃত্যুবৰণ কৰিছে, এতেকে মৃতসকলক আল্লাহে ক্বিয়ামতৰ দিনা জীৱিত কৰিব আৰু তেওঁৰ পিনেই সকলোকে ওভোতাই নিয়া হ'ব, যাতে তেওঁ সিহঁতক প্ৰতিদান দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক