ছূৰা 6 · জুজ 7
Al-An'am · 6:35
وَإِنْ كَانَ كَبُرَ عَلَيْكَ إِعْرَاضُهُمْ فَإِنِ اسْتَطَعْتَ أَنْ تَبْتَغِيَ نَفَقًا فِي الْأَرْضِ أَوْ سُلَّمًا فِي السَّمَاءِ فَتَأْتِيَهُمْ بِآيَةٍ ۚ وَلَوْ شَاءَ اللَّهُ لَجَمَعَهُمْ عَلَى الْهُدَىٰ ۚ فَلَا تَكُونَنَّ مِنَ الْجَاهِلِينَ
আৰু যদি সিহঁতৰ উপেক্ষা (অনাগ্ৰহ) তোমাৰ বাবে কষ্টকৰ হয় তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জখলা বিচাৰি উলিয়াই সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা। আৰু যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন। সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহ’বা।
তাফছীৰ
হে ৰাছুল! যদি এই কথাই আপোনাক কষ্ট দিয়ে যে, সিহঁতে আপোনাক অস্বীকাৰ কৰিছে আৰু আপুনি লৈ অহা সত্যৰ পৰা বিমুখ হৈছে, তেন্তে যদি আপুনি পৃথিৱীৰ ভিতৰত কোনো সুৰঙ্গ পায় অথবা আকাশলৈ যোৱাৰ বাবে কোনো জখলা পায় আৰু আপোনাক দিয়া প্ৰমাণসমূহৰ বাহিৰে আন কোনো প্ৰমাণ যদি তাৰ পৰা আনিব পাৰে তেন্তে আনক। আপুনি যি হিদায়ত লৈ আহিছে যদি আল্লাহে সিহঁতক ইয়াৰ ওপৰত একত্ৰিত কৰিব বিচাৰিলেহেঁতেন তেন্তে নিশ্চয় কৰিব পাৰিলেহেঁতেন, কিন্তু ডাঙৰ কিবা ৰহস্যৰ কাৰণে তেওঁ এনেকুৱা কৰা নাই। গতিকে এই বিষয়টো আপুনি পাহৰি নাযাব। লগতে সিহঁতে ঈমান পোষণ নকৰাৰ চিন্তাত আপুনি আপোনাৰ প্ৰাণ নাশ নকৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক