ছূৰা 6 · জুজ 7
Al-An'am · 6:17
وَإِنْ يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ ۖ وَإِنْ يَمْسَسْكَ بِخَيْرٍ فَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনোৱেই সেয়া দূৰ কৰিব নোৱাৰে, আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে (জানি থোৱা) তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
তাফছীৰ
হে আদম সন্তান! যদি আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওপৰত কোনো বিপদ আহি পৰে, তেন্তে আল্লাহৰ বাহিৰে কোনেও সেই বিপদ দূৰ কৰিব নোৱাৰে। আনহাতে যদি কোনো কল্যাণ লাভ হয়, তেন্তে তেওঁৰ অনুগ্ৰহক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক