ছূৰা 6 · জুজ 8
Al-An'am · 6:147
فَإِنْ كَذَّبُوكَ فَقُلْ رَبُّكُمْ ذُو رَحْمَةٍ وَاسِعَةٍ وَلَا يُرَدُّ بَأْسُهُ عَنِ الْقَوْمِ الْمُجْرِمِينَ
এতেকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে, তেন্তে কোৱা, ‘তোমালোকৰ ৰব সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ কৰা নহয়’।
তাফছীৰ
হে ৰাছুল! যদি সিহঁতে আপোনাক অস্বীকাৰ কৰে আৰু আপুনি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা লৈ অহা চৰীয়তক যদি সিহঁতে নামানে তেন্তে সিহঁতক প্ৰেৰণা প্ৰদান কৰি কওঁক যে, তোমালোকৰ প্ৰতিপালক অসীম দয়াৱান, এইটো তেওঁৰ কৃপা যে তেওঁ তোমালোকক অৱকাশ দিছে আৰু শাস্তি প্ৰদানত খৰখেদা কৰা নাই। লগতে সিহঁতক সতৰ্ক কৰি কওঁক যে, যিসকলে গুনাহ তথা পাপ কৰ্মত পতিত হৈছে সিহঁতে আল্লাহৰ শাস্তিৰ পৰা কেতিয়াও ৰক্ষা নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক