ছূৰা 6 · জুজ 8

Al-An'am · 6:146

وَعَلَى الَّذِينَ هَادُوا حَرَّمْنَا كُلَّ ذِي ظُفُرٍ ۖ وَمِنَ الْبَقَرِ وَالْغَنَمِ حَرَّمْنَا عَلَيْهِمْ شُحُومَهُمَا إِلَّا مَا حَمَلَتْ ظُهُورُهُمَا أَوِ الْحَوَايَا أَوْ مَا اخْتَلَطَ بِعَظْمٍ ۚ ذَٰلِكَ جَزَيْنَاهُمْ بِبَغْيِهِمْ ۖ وَإِنَّا لَصَادِقُونَ

আৰু আমি ইয়াহুদিসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকেই হাৰাম কৰিছিলো আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলো, কিন্তু এইবোৰৰ পিঠিত নাইবা নাড়ী-ভুৰু বা অস্থিসংলগ্ন চৰ্বিৰ বাহিৰে, সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলো। নিশ্চয় আমি সত্যবাদী।

তাফছীৰ

আমি ইয়াহুদীসকলৰ ওপৰত সেই সকলো জীৱ-জন্তু হাৰাম কৰিছিলো যিবোৰৰ আঙুলি পৃথক পৃথক নহয়, যেনে উট আৰু উটপঁখী। সিহঁতৰ ওপৰত গৰু তথা ছাগলীৰ চৰ্বীও হাৰাম কৰিছিলো, কেৱল সেইসমূহ চৰ্বীৰ বাহিৰে যিবোৰ পিঠিত আৰু নাড়ী-ভুৰুত লাগি থাকে, নাইবা হাড়ৰ লগত লাগি থাকে। সিহঁতৰ অন্যায়ৰ পৰিণামস্বৰূপে আমি সিহঁতৰ ওপৰত এইবোৰ হাৰাম কৰিছিলো। নিশ্চয় আমি যি কওঁ সেয়াই সত্য।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক