ছূৰা 6 · জুজ 8
Al-An'am · 6:140
قَدْ خَسِرَ الَّذِينَ قَتَلُوا أَوْلَادَهُمْ سَفَهًا بِغَيْرِ عِلْمٍ وَحَرَّمُوا مَا رَزَقَهُمُ اللَّهُ افْتِرَاءً عَلَى اللَّهِ ۚ قَدْ ضَلُّوا وَمَا كَانُوا مُهْتَدِينَ
নিশ্চয় সিহঁতে ক্ষতিগ্ৰস্ত হৈছে যিসকলে নিৰ্বুদ্ধিতাৰ বাবে আৰু অজ্ঞতাবশত নিজৰ সন্তানসকলক হত্যা কৰিছে আৰু আল্লাহৰ ওপৰত মিছা ৰটনা কৰি আল্লাহে প্ৰদান কৰা জীৱিকাক নিষিদ্ধ গণ্য কৰিছে। সিহঁত অৱশ্যে বিপথগামী হৈছে আৰু সিহঁত হিদায়তপ্ৰাপ্ত নাছিল।
তাফছীৰ
সিহঁত বিধ্বংস হৈছে, যিসকলে নুবুজাকৈ আৰু অজ্ঞানতাৰ কাৰণে নিজৰ সন্তান হত্যা কৰিছে আৰু আল্লাহে প্ৰদান কৰা জীৱ-জন্তুক মিছা অপবাদ জাপি দি হাৰাম কৰিছে। এতেকে সিহঁত নিশ্চিতভাৱে সঠিক পথৰ পৰা আঁতৰি গৈছে আৰু সিহঁত হিদায়ত পোৱাৰ যোগ্যই নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক