ছূৰা 6 · জুজ 8
Al-An'am · 6:139
وَقَالُوا مَا فِي بُطُونِ هَٰذِهِ الْأَنْعَامِ خَالِصَةٌ لِذُكُورِنَا وَمُحَرَّمٌ عَلَىٰ أَزْوَاجِنَا ۖ وَإِنْ يَكُنْ مَيْتَةً فَهُمْ فِيهِ شُرَكَاءُ ۚ سَيَجْزِيهِمْ وَصْفَهُمْ ۚ إِنَّهُ حَكِيمٌ عَلِيمٌ
সিহঁতে আৰু কয়, ‘এইবোৰ চতুষ্পদ জন্তুৰ পেটত যি আছে সেয়া আমাৰ মাজৰ পুৰুষসকলৰ বাবে নিৰ্দিষ্ট আৰু এইটো আমাৰ স্ত্ৰীসকলৰ বাবে অবৈধ, আৰু সেইটো যদি মৃত হয় তেন্তে সকলোৱে ইয়াৰ অংশীদাৰ’। তেওঁ সিহঁতৰ এইদৰে কোৱাৰ প্ৰতিফল অনতিপলমে সিহঁতক প্ৰদান কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
তাফছীৰ
সিহঁতে এই কথাও কৈছে যে, এইবোৰ ছায়েবাহ আৰু বাহীৰাহ আদি জন্তুৰ গৰ্ভৰ পৰা যদি কোনো পোৱালী জীৱিত জন্ম লাভ কৰে তেন্তে সেয়া পুৰুষসকলৰ বাবে বৈধ হ'ব আৰু মহিলাসকলৰ বাবে অবৈধ। আনহাতে যদি মৃত জন্ম হয় তেন্তে পুৰুষ মহিলা উভয়ে উপকৃত হ'ব পাৰে। সিহঁতৰ এইবোৰ মিছা অপবাদৰ যি দণ্ড হোৱা উচিত সেয়া আল্লাহে অতিশীঘ্ৰে সিহঁতক প্ৰদান কৰিব। নিশ্চয় তেওঁ বান্দাসকলৰ সকলো বিষয় নিয়ন্ত্ৰণত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সিহঁতৰ সকলো বিষয়ে অৱগত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক