ছূৰা 6 · জুজ 7

Al-An'am · 6:12

قُلْ لِمَنْ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ قُلْ لِلَّهِ ۚ كَتَبَ عَلَىٰ نَفْسِهِ الرَّحْمَةَ ۚ لَيَجْمَعَنَّكُمْ إِلَىٰ يَوْمِ الْقِيَامَةِ لَا رَيْبَ فِيهِ ۚ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ فَهُمْ لَا يُؤْمِنُونَ

কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক' কৰ্তব্য হিচাপে লিখি লৈছে। কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।

তাফছীৰ

হে ৰাছুল! আপুনি সিহঁতক সোধক যে, আকাশ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি যি আছে সেই সকলোবোৰ কাৰ অধীনস্থ? আপুনি কৈ দিয়ক, সেই সকলোবোৰ আল্লাহৰ অধীনস্থ। তেওঁ বান্দাসকলৰ প্ৰতি অনুগ্ৰহ কৰি, দয়া কৰাটো নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছে। সেয়ে তেওঁ সিহঁতক শীঘ্ৰে শাস্তি প্ৰদান নকৰে। কিন্তু যদি সিহঁতে তাওবা নকৰে (তেন্তে সিহঁতে জানি থোৱা উচিত যে) আল্লাহে সিহঁত সকলোকে ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব। যি দিন সম্পৰ্কে কোনো সন্দেহ নাই। যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰে ক্ষতি সাধন কৰিছে, সেই সকলেই ঈমান পোষণ নকৰে, (ঈমান পোষণ কৰিলে) নিজকে ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক