ছূৰা 6 · জুজ 8
Al-An'am · 6:119
وَمَا لَكُمْ أَلَّا تَأْكُلُوا مِمَّا ذُكِرَ اسْمُ اللَّهِ عَلَيْهِ وَقَدْ فَصَّلَ لَكُمْ مَا حَرَّمَ عَلَيْكُمْ إِلَّا مَا اضْطُرِرْتُمْ إِلَيْهِ ۗ وَإِنَّ كَثِيرًا لَيُضِلُّونَ بِأَهْوَائِهِمْ بِغَيْرِ عِلْمٍ ۗ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِالْمُعْتَدِينَ
তোমাৰ লোকৰ কি হ’ল, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে তাৰ পৰা নোখোৱা কিয়? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া স্বতন্ত্ৰ কথা। নিশ্চয় বহুতে অজ্ঞতাবশত নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকে সীমালংঘনকাৰী সকলৰ বিষয়ে অধিক জানে।
তাফছীৰ
হে মুমিনসকল! আল্লাহৰ নামত যবেহ কৰা জন্তুৰ (মাংস) খাবলৈ তোমালোকক কিহে বাৰণ কৰিছে, অথচ আল্লাহে তোমালোকৰ বাবে যি যি হাৰাম কৰিছে সেয়া স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে সেইবোৰ তোমালোকে পৰিত্যাগ কৰা উচিত। কিন্তু খাবলৈ বাধ্য হ'লে সেয়া সুকীয়া কথা। কিয়নো বিশেষ আৱশ্যকতাই হাৰাম বস্তুকো হালাল কৰি দিয়ে। প্ৰকৃততে অধিকাংশ মুশ্বৰিকসকলে অজ্ঞাতাৰ কাৰণে নিজৰ তথ্যহীন মন্তব্যৰ জৰিয়তে সিহঁতৰ অনুসাৰী সকলক সত্যৰ পৰা আঁতৰত ৰাখে। উদাহৰণস্বৰূপে আল্লাহে হাৰাম কৰা বস্তুক সিহঁতে হালাল বুলি কয়ঃ যেনে মৃত জীৱ-জন্তু। আনহাতে তেওঁ হালাল কৰা বস্তুক হাৰাম বুলি কয়ঃ যেনে, বাহীৰা, অচীলা আৰু হামী আদি (এইবোৰ সেইসমূহ জন্তুক কোৱা হয় যিবোৰ অজ্ঞতা যুগত আৰববাসীয়ে মূৰ্তিৰ নামত এৰিছিল)। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে নিশ্চিতভাৱে ভালদৰেই জানে যিসকলে তেওঁৰ সীমালংঘন কৰে। অৱশ্যে তেওঁ সিহঁতক সীমালংঘন কৰাৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক