ছূৰা 6 · জুজ 7

Al-An'am · 6:104

قَدْ جَاءَكُمْ بَصَائِرُ مِنْ رَبِّكُمْ ۖ فَمَنْ أَبْصَرَ فَلِنَفْسِهِ ۖ وَمَنْ عَمِيَ فَعَلَيْهَا ۚ وَمَا أَنَا عَلَيْكُمْ بِحَفِيظٍ

নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত অন্তৰ্দৃষ্টিৰ আলোক আহিছে। এতেকে যিয়ে প্ৰত্যক্ষ কৰিব সেইটোৰ দ্বাৰা সি নিজেই লাভবান হ’ব, আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ’ব। গতিকে মই তোমালোকৰ সংৰক্ষক নহয়।

তাফছীৰ

হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণ আহি পৰিছে। যিয়ে সেয়া মানিব তেৱেঁই সফলতা পাব। যিয়ে আওকাণ কৰিব আৰু বুজিবলৈ যত্ন নকৰিব আৰু মানিবলৈও চেষ্টা নকৰিব, তাৰেই ক্ষতি হ'ব। মই তোমালোকৰ ৰক্ষক নহয় যে, তোমালোকৰ কৰ্মবোৰ গণি থাকিম। মই কেৱল মোৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন ৰাছুল, তেৱেঁই তোমালোকৰ ৰক্ষক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক