ছূৰা 6 · জুজ 7

Al-An'am · 6:1

الْحَمْدُ لِلَّهِ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَجَعَلَ الظُّلُمَاتِ وَالنُّورَ ۖ ثُمَّ الَّذِينَ كَفَرُوا بِرَبِّهِمْ يَعْدِلُونَ

সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু পোহৰ। ইয়াৰ পিছতো কাফিৰসকলে নিজ প্ৰতিপালকৰ সমতুল্য স্থিৰ কৰে।

তাফছীৰ

পূৰ্ণ সম্পুৰ্ণতা আৰু মুহাব্বতৰ সৈতে উচ্চ শ্ৰেণীৰ সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে নিৰ্দিষ্ট, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে, লগতে দিন ৰাতি সৃষ্টি কৰিছে, উভয়ে আৱৰ্তনশীল। তেৱেঁই ৰাতিক অন্ধকাৰাচ্ছন্ন কৰিছে আৰু দিনক কৰিছে আলোকিত। ইয়াৰ পিছতো যিসকল কাফিৰ হৈ গৈছে, সিহঁতে আনক আল্লাহৰ সমান কৰি লৈছে, আৰু তেওঁৰ সমকক্ষ বনাই লৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক