ছূৰা 59 · জুজ 28
Al-Hashr · 59:21
لَوْ أَنْزَلْنَا هَٰذَا الْقُرْآنَ عَلَىٰ جَبَلٍ لَرَأَيْتَهُ خَاشِعًا مُتَصَدِّعًا مِنْ خَشْيَةِ اللَّهِ ۚ وَتِلْكَ الْأَمْثَالُ نَضْرِبُهَا لِلنَّاسِ لَعَلَّهُمْ يَتَفَكَّرُونَ
যদি আমি এই কোৰআনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰো মানুহৰ বাবে যাতে সিহঁতে চিন্তা-গৱেষণা কৰে।
তাফছীৰ
হে ৰাছুল! যদি আমি এই কোৰআনখনক কোনো পাহাৰৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে আপুনি দেখিবলৈ পালেহেঁতেন যে, পৰ্বত প্ৰকাণ্ড আৰু মজবুত হোৱাৰ পিছতো অন্তৰ কপোৱা নছিহত আৰু কঠোৰ ধমকৰ ফলত আল্লাহৰ ভয়ত চূৰ্ণ-বিচূৰ্ণ হৈ গলেহেঁতেন। আৰু এইবোৰ উদাহৰণ আমি মানুহৰ বাবে বৰ্ণনা কৰোঁ, যাতে সিহঁতে বিবেকেৰে কাম কৰি কোৰআনৰ নছিহত আৰু শিক্ষাবোৰৰ পৰা পাঠ লয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক