ছূৰা 59 · জুজ 28

Al-Hashr · 59:15

كَمَثَلِ الَّذِينَ مِنْ قَبْلِهِمْ قَرِيبًا ۖ ذَاقُوا وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ

ইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

তাফছীৰ

কুফৰ আৰু শাস্তি গ্ৰস্ত হোৱাৰ ক্ষেত্ৰত ইহুদীসকলৰ উদাহৰণ মক্কাৰ সেই মুশ্বৰিকসকলৰ দৰে যিসকলে ইহঁতৰ কিছু পূৰ্বে শাস্তি গ্ৰস্ত হৈছে। সিহঁতে নিজৰ কুফুৰী কাৰ্যৰ কু-পৰিণাম উপভোগ কৰিছে আৰু বদৰৰ (যুদ্ধৰ) দিনা সিহঁতৰ কিছুমানে নিহত হৈছিল আৰু বহুতেই গ্ৰেপ্তাৰ হৈছিল। তথা সিহঁতৰ বাবে পৰকালত আছে কষ্টদায়ক শাস্ত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক