ছূৰা 59 · জুজ 28

Al-Hashr · 59:14

لَا يُقَاتِلُونَكُمْ جَمِيعًا إِلَّا فِي قُرًى مُحَصَّنَةٍ أَوْ مِنْ وَرَاءِ جُدُرٍ ۚ بَأْسُهُمْ بَيْنَهُمْ شَدِيدٌ ۚ تَحْسَبُهُمْ جَمِيعًا وَقُلُوبُهُمْ شَتَّىٰ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَعْقِلُونَ

সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা বেৰৰ আঁৰ লৈহে কৰিব; সিহঁত পাৰস্পাৰিক বিৰোধিতাত অতি কঠোৰ। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা; কিন্তু সিহঁতৰ অন্তৰসমূহত মিল নাই; এইটো এই বাবেই যে, সিহঁত এটা নিৰ্বোধ সম্প্ৰদায়।

তাফছীৰ

হে মুমিনসকল! ইহুদীসকলে তোমালোকৰ সৈতে একত্ৰিত হৈ যুদ্ধ নকৰিব। দুৰ্গাৱদ্ধ অথবা গাওঁৰ চাৰিবেৰৰ ভিতৰৰ পৰা হ'লে সেয়া সুকীয়া কথা। সিহঁতৰ কাপুৰুষত্বৰ ফলত সিহঁতে কেতিয়াও তোমালোকৰ সন্মুখত আহি যুদ্ধ কৰিব নোৱাৰিব। সিহঁতৰ অন্তৰত থকা বিদ্বেষতকৈ সিহঁতৰ পৰস্পৰ দ্বন্দ অধিক প্ৰকট। আপুনি হয়তো ভাবিছে সিহঁতৰ মাজত একতা আছে বৰং সত্য কথা হৈছে এই যে, সিহঁতৰ অন্তৰ হৈছে বিচ্ছেদিত অমিল। এই বিদ্বেষ আৰু বিভেদৰ কাৰণ হৈছে সিহঁতৰ বোধ শক্তিৰ অভাৱ। কিয়নো যদি জ্ঞান-বুদ্ধি থাকিলেহেঁতেন তেন্তে সত্যক জানিব পাৰিলেহেঁতেন আৰু সেই মতে আমলো কৰিলেহেঁতেন তথা এই বিষয়ে বিভেদ নকৰিলেহঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক