ছূৰা 59 · জুজ 28
Al-Hashr · 59:12
لَئِنْ أُخْرِجُوا لَا يَخْرُجُونَ مَعَهُمْ وَلَئِنْ قُوتِلُوا لَا يَنْصُرُونَهُمْ وَلَئِنْ نَصَرُوهُمْ لَيُوَلُّنَّ الْأَدْبَارَ ثُمَّ لَا يُنْصَرُونَ
প্ৰকৃততে যদি সিহঁত (ইয়াহুদীসকল) বহিষ্কৃত হয় তেন্তে ইহঁতে (মুনাফিকসকলে) কেতিয়াও সিহঁতৰ লগত ওলাই নাযাব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হ’লে ইহঁতে কেতিয়াও সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈ আহেও তেন্তে সিহঁত নিশ্চয় পৃষ্ঠপ্ৰদৰ্শন কৰিব; তাৰ পিছত সিহঁতে কোনো সহায়েই নাপাব।
তাফছীৰ
যদি মুছলিমসকলে ইহুদীসকলক বহিষ্কাৰ কৰে তেন্তে সিহঁতে সিহঁতৰ লগত কেতিয়াও ওলাই নাযাব। আৰু যদি মুছলিমসকলে সিহঁতৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে সিহঁতক কেতিয়াও সহায় নকৰিব। আনহাতে সিহঁতে যদি সহায় কৰেও তেন্তে যুদ্ধৰ সময়ত পলায়ন কৰিব। ইয়াৰ পিছত মুনাফিকসকলক আৰু সহায় কৰা নহ'ব। বৰং আল্লাহে সিহঁতক অপমানিত কৰিব আৰু লাঞ্ছিত কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক